তামিলনাডু

তামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্‌ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই (পূৰ্বতে মাদ্ৰাজ)। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰেলা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত। তামিলনাড়ুৰ ভৌগোলিক উত্তৰ দিশত পূৰ্বঘাট, পশ্চিম দিশত নীলগিৰি, আন্নামালাই পৰ্বত আৰু পালাক্কাদ, পূব দিশত বঙ্গোপসাগৰ, দক্ষিণ পূব দিশত মান্নাৰ উপসাগৰ আৰু পক প্ৰণালী আৰু দক্ষিণত ভাৰত মহাসাগৰ অৱস্থিত।

তামিল নাডু

தமிழ்நாடு

  ৰাজ্য  

Seal
তামিল নাডুৰ অৱস্থান
স্থানাঙ্ক 13.09°N 80.27°E / 13.09; 80.27
দেশ  ভাৰত
ৰাজ্য তামিল নাডু
জিলাৰ সংখ্যা ৩২
Established ১ নৱেম্বৰ, ১৯৫৬
ৰাজধানী চেন্নাই
মহানগৰ চেন্নাই
ৰাজ্যপাল
মুখ্যমন্ত্ৰী
বিধানসভা (আসন) এককক্ষীয় (২৩৪)
জনসংখ্যা

ঘনত্ব

6,63,96,000 (৭ম)

511 /কিমি (1 /বৰ্গ মাইল)

চৰকাৰী ভাষা তামিল
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >130058 km2 (50216 sq mi)
ISO 3166-2 IN-TN
ৱেবছাইট tn.gov.in

আয়তনৰ দিশৰ পৰা তামিলনাডু ভাৰতৰ একাদশ (এই ৰাজ্যেৰ আয়তন গ্ৰীছৰ সমান) আৰু জনসংখ্যাৰ ফালৰ পৰা সপ্তম বৃহত্তম ৰাজ্য।[2] অন্যদিশে এই ৰাজ্য ভাৰতৰ জিডিপিৰ পঞ্চম বৃহত্তম অৱদানকাৰী[3] আৰু ভাৰতৰ সবাতোকৈ অধিক পৰিমাণ নগৰায়িত ৰাজ্য।[4] ভাৰতৰ সৰ্বাধিক সংখ্যক বাণিজ্যিক সংস্থা (১০.৫৬%) এই ৰাজ্যত অৱস্থিত।[5] [6]

প্ৰায় ৫০০খ্ৰীষ্টপূৰ্বৰ পৰা তামিলনাড়ু ভূখণ্ড তামিল জাতিৰ আৱাসস্থল। প্ৰায় ১৫০০-২০০০ বছৰ ধৰি এই অঞ্চলৰ প্ৰচলিত ভাষা তামিল বিভিন্ন লেখা আৰু সাহিত্যত ব্যৱহৃত হৈ আহিছে। তামিলনাড়ু প্ৰাকৃতিক সম্পদ, দ্ৰাবিড় স্থাপত্যৰ বিশালাকাৰ হিন্দু মন্দিৰ, শৈলচহৰ, সমুদ্ৰ তীৰ, বিভিন্ন ধৰ্মৰ তীৰ্থস্থানৰে পৰিপূৰ্ণ ৰাজ্য। এই ৰাজ্যত ৪ টা ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান আছে।[7][8]


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.