ভিলেজ ৰকষ্টাৰ্ছ

ভিলেজ ৰকষ্টাৰ্ছ ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি।[1] বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিছে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। লগতে ৰীমা দাস এই ছবিৰ চিত্ৰনাট্যকাৰ, কাৰ্যবাহী নিৰ্মাতা, সম্পাদক, চিত্ৰনাট্যকাৰ, আৰু প্ৰডাক্টচন ডিজাইনাৰ।[2] ছবিখন চিনেমা গৃহত মুক্তি লাভ কৰে ২০১৮ৰ ২৮ ছেপ্তেম্বৰত।[3]

ভিলেজ ৰকষ্টাৰ্ছ
Village Rockstars

ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ পোষ্টাৰ
পৰিচালক ৰীমা দাস
প্ৰযোজক ৰীমা দাস
জয়া দাস
লেখক ৰীমা দাস
অভিনয়ত ভণিতা দাস
সংগীত পৰিচালক নিলোৎপল বৰা
চিত্ৰগ্ৰহণকাৰী ৰীমা দাস
সম্পাদনা ৰীমা দাস
পৰিবেশক ফ্লাইং ৰিভাৰ ফ্লিমছ
মুক্তি ২০১৭
দৈৰ্ঘ্য ৮০ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া (কামৰূপী উপভাষা)

কাহিনী

বোলছবি খনৰ কাহিনী এগৰাকী কিশোৰী ধুনু আৰু তাইৰ সপোনৰ আধাৰত। সমাজৰ ঘাট-প্ৰতিঘাতৰ মাজতো তাই নিজৰ এটা বেণ্ড গঠন কৰা সপোন বুকুত কঢ়িয়াই ফুৰে। ১০ বছৰীয়া ধুনু (ভণিতা দাস) তাইৰ বিধৱা মাক (বাসন্তী দাস) আৰু ককায়েক মনৱেন্দ্ৰৰ (মনৱেন্দ্ৰ দাস) লগত কামৰূপ জিলাৰ ছয়গাওঁত বাস কৰে। ধুনুৰ মাকে এখনি সৰু দোকানৰ জৰিয়তে পৰিয়ালৰ পোহ-পাল কৰে। এদিন মাকৰ লগত স্থানীয় অনুষ্ঠান এটিত দোকানৰ কামত সহায় কৰি থাকোতে ধুনুৱে এটা বেণ্ডৰ অনুষ্ঠান দেখিলে। বেণ্ডৰ অনুষ্ঠান দেখি ধুনুৰ নিজাকৈ এটা গীটাৰ লোৱাৰ সপোন দেখিছিল। গাঁৱৰ লৰা-ছোৱালীয়ে সেই বেণ্ডক নকল কৰি সততে পোৱা বস্তুৰে বাদ্য সাজি বেণ্ড বেণ্ড খেলিবলৈ ধৰিলে। ধুনুৱে ৰকষ্টাৰ জিমি হেন্দ্ৰিক্সক অনুসৰণ কৰি এটা নকল গীটাৰ অনবৰতে কঢ়িয়াই ফুৰিব ধৰিলে।

ধুনুয়ে এক কমিক্স কিতাপ পঢ়ি এটা আচল বেণ্ড গঠন কৰি, আচল বাদ্যযন্ত্ৰ বজাবলৈ মনস্থ কৰে। তাৰপিছত এটকা এটকাকৈ সাঁচি তাই নিজৰ এটা বৈদ্যুতিক গীটাৰ কিনাৰ সপোন দেখে। টুকুৰা বাতৰি কাকতৰ এটা প্ৰবন্ধ পঢ়ি ধুনুৰ মন আৰু বেছি দৃঢ় হয়। তাই বুজি পায় যে ধনান্মক চিন্তাৰ দ্বাৰা তাইৰ সপোন সাৰ্থক হব।[4]

বোলছবি খন কামৰূপী উপভাষাত নিৰ্মাণ কৰা হৈছে।

বঁটা আৰু সন্মান

জিঅ' মামী চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • ইণ্ডিয়া গোল্ড শ্ৰেণীৰ শ্ৰেষ্ঠ ছবিৰ গোল্ডেন গেটৱে বঁটা
  • লিংগ সমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফাম বঁটা
  • ইয়ং কৃটিক্স চইচ বঁটা[5]

আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • শ্ৰেষ্ঠ পৰিচালকৰগোল্ডেন এলিফেণ্ট বঁটা (দৰ্শিত ছবি) এছিয়ান পেৰনমাৰ প্ৰতিযোগিতা : ৰীমা দাস
  • শ্ৰেষ্ঠ অভিনেত্ৰীৰ বিশেষ জুৰী বঁটা: ভণিতা দাস[6]

কৰ্ক চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • স্প্ৰিট অফ ফেষ্টিভেল বঁটা

কাইৰো আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ ত

  • ইণ্টেল কৃটিক্সছ ৱিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ কলাত্মক অৱদান

অলিম্পিয়া আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭

  • শ্ৰেষ্ঠ অভিনেত্ৰী : ভণিতা দাস
  • শ্ৰেষ্ঠ পৰিচালক : ৰীমা দাস
  • শ্ৰেষ্ঠ দৰ্শিত ছবিৰ জুৰীৰ বিশেষ বঁটা

স্মাইল আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭ত

  • শ্ৰেষ্ঠ দৰ্শিত ছবি
  • শ্ৰেষ্ঠ অভিনেত্ৰী: ভণিতা দাস

বোলছবিখন টৰন্ত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ৰ ডিস্কভেৰি শিতানত আৰু ছেন ছেবেষ্টিয়ান আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ নতুন পৰিচালকৰ শিতানত দৰ্শিত হৈছে। বোলছবিখন প্ৰথম গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দৰ্শিত হোৱাৰ উপৰিও ধৰ্মশালা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ছবি আছিল।[7] এইখন বোলছবি ২০১৭ চনত বিখ্যাত ক্যা চলচ্চিত্ৰ মহোৎসৱতো দৰ্শিত হৈছিল।[8] লগতে ২০১৭ ৰ কেৰেলা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তৰ্জাতিক শিতানত প্ৰদৰ্শিত হৈছিল। ভিলেজ ৰকষ্টাৰ্ছ স্মাইল আন্তৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ ২০১৭ৰ উদ্বোধনী ছবি আছিল।[9]

ভিলেজ ৰকষ্টাৰছে ২০১৮ চনৰ একাডেমী পুৰষ্কাৰৰ (OSCARS) বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত মনোনয়ন পাবৰ বাবে ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছে। ভাৰতৰ পৰা ২০১৮ লৈ মুঠ ৯১খন ছবি এই শিতানৰ মনোনয়নৰ বাবে পঠাইছে যদিও মাত্ৰ তিনিখন ছবিয়েহে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে- মাদাৰ ইণ্ডিয়া (১৯৫৭) (পৰিচালক মেহবুব খান), চালাম বোম্বে (১৯৮৮) (পৰিচালক মীৰা নায়াৰ) আৰু লগান (২০০১) (পৰিচালক আশুতোষ গোৱাৰিকাৰ)। অস্কাৰৰ মনোনয়নৰ ফলাফল সাধাৰণতে জানুৱাৰী মাহত ঘোষণা কৰা হয়।[3]

তথ্য উৎস

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.