দৌল গোবিন্দ মন্দিৰ
অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত৷ প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়৷ প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্যাপন কৰে৷
দৌল গোবিন্দ মন্দিৰ |
---|

ইতিহাস

এই মন্দিৰৰ উৎপত্তি সম্বন্ধে প্ৰচলিত কাহিনী শুনা যায়৷ ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাতসম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল৷ ইয়াৰে নলবাৰী অঞ্চলত সদৰামীনৰ দায়িত্ব দিছিল গৰ্গৰাম বৰুৱাৰ ওপৰত৷ গৰ্গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ৷ গৰ্গৰাম বৰুৱা সদৰামীনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল৷ বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰীয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাঝাৰ নামৰ এখন অটব্য অৰণ্য আছিল৷ সেই জেকেৰীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল৷ গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাঝাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত ওহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল৷ সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ'ল৷ সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে৷ তাতে আগৰে পৰা শ্ৰীশ্ৰীঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল৷ তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা-সেৱা চলিবলৈ ধৰিলে৷ ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন পালেহি৷ লগে লগে পূজাৰীৰ চিন্তা হ'ল কোনজন বিগ্ৰহক দৌলত তুলিব৷ অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহক দৌলত থাপিব সেইজনে যেন চাৰি আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়৷ পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা চাৰি আঙুল আগবাঢ়ি আছে৷ এনে ঘটনাত পূজাৰী আচৰিত হ'ল৷ ইয়াৰ পিছতে যথাৰীতি নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ'ল আৰু তেতিয়াৰে পৰা এইজনা বিগ্ৰহ দৌল গোবিন্দ নামেৰে জনাজাত হৈ পৰে৷
মন্দিৰৰ কাৰ্যসূচী
ফাগুন-চ'ত মাহত কেইবাদিনীয়া কাৰ্যসূচীৰে ইয়াত দৌল উৎসৱ পালন কৰা হয়৷ ইয়াৰোপৰি দৈনিক অগণন ভক্তই আগবঢ়োৱা পূজা আৰু সেইসকলৰ মাজত ভোগৰ প্ৰসাদ বিতৰণ দৌল গোবিন্দ মন্দিৰৰ লক্ষণীয় বৈশিষ্ট্য৷
পৰিবহন
এই মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বাবে ইয়ালৈ যাবলৈ চৰকাৰী-বেচৰকাৰী বিভিন্ন নাওৰ ব্যৱস্থা আছে৷ একেদৰে গুৱাহাটীৰ পৰা শৰাইঘাট দলং পাৰহৈ ৰাস্তাৰেও এই মন্দিৰলৈ যাব পাৰি[1]৷
তথ্য সংগ্ৰহ
- বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
বাহ্যিক সংযোগ
- http://www.mapsofindia.com/assam/tourism/doul-govinda-temple.html
- http://humtydumty.in/content/doul-govinda-mandir-north-guwahati