কোকৰাঝাৰ জিলা
কোকৰাঝাৰ জিলা (বড়ো: कोकराझार जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন। ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ই এক প্ৰৱেশদ্বাৰ স্বৰূপ। ২০০৩ চনত গঠিত বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ মূল কাৰ্য্যালয় কোকৰাঝাৰ জিলাতে অৱস্থিত।
কোকৰাঝাৰ জিলা | |
---|---|
— অসমৰ জিলা — | |
![]() অসমত কোকৰাঝাৰৰ অৱস্থান |
|
দেশ | ![]() |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ, অসম |
স্থাপিত | ১ জুলাই ১৯৮৩ |
সদৰ | কোকৰাঝাৰ |
মহকুমা | কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতঝোৰা |
চৰকাৰ | |
- লোকসভা সমষ্টি | কোকৰাঝাৰ |
- বিধানসভা সমষ্টি | গোঁসাইগাঁও (২৮), পশ্চিম কোকৰাঝাৰ (২৯), পূব কোকৰাঝাৰ (৩০) |
মাটিকালি | |
- মুঠ | ৩,১৬৯.২২ কি.মি.২ (১,২২৩.৬ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৮,৮৬,৯৯৯ জন |
- জনঘনত্ব | ২৭৯.৯ প্ৰতি বৰ্গ কি.মি. (৭২৪.৯ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৬.৬৩% |
- লিংগ অনুপাত | ৯৫৮ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°24′00″N 90°16′12″E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
ভৌগোলিক বৰ্ণনা
কোকৰাঝাৰ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এখন জিলা। কোকৰাঝাৰ জিলাৰ ভৌগোলিক অৱস্থান ৮৯ ডিগ্ৰী ৪৬ মিনিটৰ পৰা ৯০ ডিগ্ৰী ৩৮ মিনিট দ্ৰাঘিমাংশলৈ আৰু ২৬ ডিগ্ৰী ১৯ মিনিটৰ পৰা ২৬ ডিগ্ৰী ৫৪ মিনিট অক্ষাংশলৈ বিস্তৃত। কোকৰাঝাৰ জিলাৰ উত্তৰে ভূটান, পূবে বঙাইগাঁও জিলা, পশ্চিমে পশ্চিমবঙ্গ ৰাজ্য, দক্ষিণে ধুবুৰী জিলা অৱস্থিত। কোকৰাঝাৰ জিলাৰ মাটিকালি ৩,১৬৯.২২ বৰ্গ কিলোমিটাৰ।[1][2]
কেইখনমান উল্লেখযোগ্য নৈ-উপনৈ হৈছে: মানাহ, গঙেয়া,আই, চম্পাৱতী, সৰলভঙা, সোণকোষ, গৌৰাং, হেল, লঙা ইত্যাদি।
ইতিহাস
কোকৰাঝাৰ পূৰ্বতে অবিভক্ত গোৱালপাৰা জিলাৰ এক অংশ আছিল। ১৯৫৬ চনলৈকে, এটা সৰু ৰেল ষ্টেচনৰ সৈতে ই এখন সৰু গাঁৱ আছিল। ১৯৫৭ চনত, সেই সময়ৰ অসমৰ মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ধুবুৰী মহকুমাৰ উত্তৰ ভাগৰ এক অংশ আৰু গোৱালপাৰা জিলাৰ কিছু অংশ লৈ এটা নতুন মহকুমাৰ সৃষ্টি কৰিছিল। এই নতুন মহকুমাটোক কোকৰাঝাৰ মহকুমা বোলা হৈছিল। গোৱালপাৰা জিলাখন এনেদৰে তিনিটাকৈ মহকুমাত ভাগ কৰা হৈছিল। বিজনী, ছিডলী, চিৰাং, ৰিপু আৰু গোমা অঞ্চলৰ সৈতে সেই সময়ৰ কোকৰাঝাৰ মহকুমাৰ মুঠ মাটিকালি আছিল ৪,০৬৫.৮৮ বৰ্গ কিলোমিটাৰ (১,৫৬৯.৯ বৰ্গ মাইল)।[2]
১৯৮৩ চনৰ ১ জুলাইত, কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ কোকৰাঝাৰ মহকুমাটো কোকৰাঝাৰ জিলালৈ উন্নীত হয়। কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ বনোৱা হয়। নতুন জিলাখনত চাৰিটাকৈ আৰক্ষী চকী আছিল: বিজনী, ছিডলী, কোকৰাঝাৰ আৰু গোসাঁইগাঁও। জিলাখন পূবে মানাহ নদীৰপৰা পশ্চিমে সোণকোষলৈকে বিস্তৃত আছিল।[2]
অসমৰ ভৈয়াম জনজাতি সকলে স্বায়ত্ব শাসিত দাবীৰ প্ৰভাৱ জিলাখনৰ বড়ো লোকসকলৰ মাজতো ইয়াৰ পৰে। প্ৰথমতে "ভৈয়াম জনজাতি পৰিষদ"ৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বসবাস কৰা ভৈয়াম জনজাতি সকলৰ কাৰণে সুকীয়াকৈ "উদয়াচল" ৰাজ্যৰ দাবী কৰিছিল। পাছত, সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত এখন সুকীয়া "বড়োলেণ্ড"ৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনে ১৯৮৫ চনৰ পৰা ১৯৯২ চনলৈ হিংসাত্মক ঘটনাৰ ৰূপ লোৱাত অসম চৰকাৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ লগত হোৱা এক চুক্তি কৰিছিল। ইয়াৰ ফলতহে এই আন্দোলনৰ শাম কাটে। সৰ্বশেষত, ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বড়োলেণ্ড সন্ধিত অসম চৰকাৰে স্বাক্ষৰ কৰাত বড়োলেণ্ড স্বায়ত্ব শাষিত পৰিষদ গঠন হৈছিল। [3]
প্ৰশাসনিক বিভাজন

কোকৰাঝাৰ জিলাক তিনিটা মহকুমাত ভাগ কৰা হৈছে। সেই তিনিটা হল: কোকৰাঝাৰ, গোঁসাইগাঁও আৰু পৰ্বতঝোৰা। গঙেয়া নদীখনে ("টিপকাই" নামে পৰিচিত) জিলাখনৰ দক্ষিণ অংশত জিলাখনক দুটা ভাগত ভাগ কৰিছে।[2] কোকৰাঝাৰ, গোঁসাইগাঁও আৰু পৰ্বতঝোৰা মহকুমাৰ সদৰ স্থান হ'ল ক্ৰমে: কোকৰাঝাৰ, গোঁসাইগাঁও আৰু কাজিগাঁও।
জনগাঁথনি
কোকৰাঝাৰ জিলাৰ সমতল আৰু ভূটানৰ পাৰ্বত্য অঞ্চলৰ লোকসকলৰ জীৱনৰ মাজত এক জটিল সম্পৰ্কই গঢ় লৈ উঠিছে। ইয়াত লোকসকলে বেপাৰ বাণিজ্য আৰু ভ্ৰমণৰ কাৰণে কোনো অসুবিধা অবিহনে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হয়।
২০১১ চনৰ লোকপিয়ল অনুসৰি ওদালগুৰি জিলাৰ মুঠ জনসংখ্যা ৮,৮৬,৯৯৯ জন।[1] ইয়াৰে ৪,৫২,৯৬৫ জন পুৰুষ আৰু ৪,৩৪,০৩৪ গৰাকী মহিলা। জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৭৯.৯ জন৷ আৰু সাক্ষৰতাৰ হাৰ ৬৬.৬৩%। কোকৰাঝাৰ জিলাৰ মুঠ জনসংখ্যাৰ অধিকাংশই বড়ো সম্প্ৰদায়ৰ লোক। ইয়াৰ উপৰিও বহুল সংখ্যাত কোচ-ৰাজবংশী, নাথযোগী, চাঁওতাল আৰু ইছলাম ধৰ্মী লোকো আছে।[2]
যাতায়ত
গুৱাহাটীৰ পৰা প্ৰায় ২১২ কিলোমিটাৰ দূৰত্বত কোকৰাঝাৰ জিলা অৱস্থিত। ইয়াৰপৰা জিলাখনলৈ যাবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে। গুৱাহাটী আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা জিলাখনলৈ দৈনিক বাছ চলাচল কৰে।
বিমান বন্দৰ
কোকৰাঝাৰত কোনো বিমান বন্দৰ নাই। ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ইয়াৰ পৰা বাছ আৰু টেক্সীৰ দ্বাৰা কোকৰাঝাৰলৈ যোৱাৰ সু-ব্যৱস্থা আছে।
ৰেল ষ্টেচন
কোকৰাঝাৰ ষ্টেচন হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰৱেশদ্বাৰ। গুৱাহাটী আৰু কোকৰাঝাৰৰ মাজত দৈনিক যাত্ৰীবাহী ৰেল চলাচল কৰে। ৰেলৰ দ্বাৰাও জিলাখনলৈ যোৱাৰ সু-ব্যৱস্থা আছে।[3]
অৰ্থনৈতিক ব্যৱস্থা

জিলাখনৰ অৰ্থনৈতিক ব্যৱস্থা মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ প্ৰায় ৮০% লোক কৃষিকৰ্মৰ লগত জড়িত হৈ আছে। জিলাখনৰ মুঠ মাটিকালিৰ প্ৰায় শতকৰা ২৫ ভাগেই হৈছে কৃষিভূমি।
শিক্ষা
উল্লেখযোগ্য শিক্ষানুষ্ঠান কেইখনমানৰ নাম হৈছে:
- বড়োলেণ্ড বিশ্ববিদ্যালয়
- বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
- কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
- কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
- কমাৰ্চ কলেজ, কোকৰাঝাৰ
- বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
- আইন মহাবিদ্যালয়
- বি.এড. কলেজ
- বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰ
- সংগীত আৰু চাৰু-কাৰু কলা মহাবিদ্যালয়
- আই টি আই (ধাউলীগূৰী)
তথ্য সংগ্ৰহ
- kokrajhar.gov.in. "District Profile of Kokrajhar at a glance". http://kokrajhar.gov.in/district_profile.html। আহৰণ কৰা হৈছে: 31 December 2018.
- "census Kokrajhar". censusindia.co.in. http://www.census2011.co.in/census/district/159-kokrajhar.html। আহৰণ কৰা হৈছে: March 18, 2017.
- "কোকৰাঝাৰ জিলাৰ তথ্য". http://www.assaminfo.com/districts/17/kokrajhar.htm। আহৰণ কৰা হৈছে: June 27, 2012.